কলিয়াবৰ: ৰাজ্যত অবৈধ গৰু সৰবৰাহকাৰীয়ে ট্ৰাকেৰে অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা। শনিবাৰেও কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে জব্দ কৰে ২৩টা গো-ধন। এখন বাহনত গৰু কেইটা সৰবৰাহ কৰি থকা সময়তে আৰক্ষীয়ে গো-ধন কেইটা জব্দ কৰাৰ লগতে আটক কৰে এটা সৰবৰাহকাৰীক।
জানিব পৰা মতে, আটকাধীন গৰু সৰবৰাহকাৰীটো চামগুৰিৰ বৰমাবিলৰ মুৰছিদ আলী। ২৩টা গৰু কঢ়িয়াই উজনিৰ দিশৰ পৰা গুৱাহাটী অভিুখে আহি থকা অৱস্থাে বাগৰি আৰক্ষীয়ে জব্দ কৰে বাহনখন। আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ এএছ ০১ এলচি ৩৪৪৬।