কলিয়াবৰঃ কলিয়াবৰৰ বাগৰিত জব্দ দুখনকৈ চোৰাং গৰু ভৰ্তি বাহন। চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে পুনৰ আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰু ভৰ্তি বাহন দুখন।

জানিব পৰা মতে, আৰক্ষীয়ে মঙলবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই জব্দ কৰে দুখনকৈ গৰু ভৰ্তি বাহন। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, উজনিৰ পৰা দুখন বাহনে ৫৪ টাকৈ গো-ধন অবৈধভাৱে কঢ়িয়াই আনি থকাৰ সময়তে কলিয়াবৰৰ বাগৰি আৰক্ষীৰ জালত পৰে ২ জন চোৰাং গৰু সৰবৰাহকাৰী। গোলাঘাট জিলাৰ বিহৰা বজাৰৰ পৰা ৰূপহীলৈ আনিছিল গৰু কেইটা।

পাছত আৰক্ষীয়ে অবৈধভাৱে গো-ধন সৰবৰাহ কৰা এএছ ০১ এমচি ৯৫৫১ আৰু এএছ ০১ বিচি ২৫০১ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰে অবৈধ সৰবৰাহকাৰী দুজনক। আটক কৰা লোক দুজন হ’ল ক্ৰমে- ৰূপহীৰ মহম্মদ আলম আৰু বাবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply