কলিয়াবৰ: সোমবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ ১৫ পদৰ সকলো পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰি দখল কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা। আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়ত উৎফুল্লিত ছাত্ৰ-সমৰ্থক তথা আছুৰ সদস্যসকল।

কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ এই বৃহৎ জয়ৰ পাছতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনত সম্বৰ্ধনা জনোৱা হয় আছুৰ বিজয়ী প্ৰাৰ্থীসকলক। লগতে আছুৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা হয় এক বিজয় সমদল।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত নিৰ্বাচিত প্ৰাৰ্থী সকল হ’ল- সভাপতি পদত অংকুৰ প্ৰতীম মহন্ত, উপ-সভাপতিৰ পদত কৌস্তভ হাজৰিকা, সাধাৰণ সম্পাদক ৰূপে তপন শইকীয়া, সহ: সম্পাদক পদত দীপাংকৰ হাতীমতা, বহিঃ ক্ৰীড়া সম্পাদক পদত আবিদুৰ আলী, আভ্যন্তৰীন ক্ৰীড়া সম্পাদক ওমৰ ফাৰুক, সাংস্কৃতিক সম্পাদক পদত প্ৰত্যাশী মহন্ত, উৎসৱ সম্পাদক ৰূপে কাশ্যপ জ্যোতি ডেকা, সংগীত সম্পাদক পদত ভাস্কৰ জ্যোতি বৰা, তৰ্ক সম্পাদক পদত কুলদ্বীপ ছেত্ৰী, সমাজ সেৱা সম্পাদক ৰূপে গৌতম ৰায়, আলোচনী সম্পাদক ৰূপে গৌৰৱ ছেত্ৰী ,সাহিত্য আৰু কলা সম্পাদক পদত সঞ্জয় বড়ো , ছাত্ৰ জীৰণী কোঠা সম্পাদক পদত শুভম কৰ্মকাৰ আৰু ছাত্ৰী জীৰণি কোঠা সম্পাদিকা পদত দৰ্পনা খাউণ্ড বিজয়ী হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply