কলিয়াবৰঃ ৰাজ্যত অব্যাহত আছে গোধনৰ অবৈধ সৰবৰাহ। কলিয়াবৰৰ জখলাবন্ধাত গৰু ভৰ্তি দুখন বাহন জব্দ।

গোলাঘাটৰ পৰা অবৈধ ভাৱে গৰু কঢ়িয়াই অনা এখন ট্ৰাক আৰু এখন পিকআপ ভান জব্দ কৰে জখলাবন্ধা আৰক্ষীয়ে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০২ চি চি ৬৯৭২ নম্বৰ আৰু পিকআপ ভানখনৰ নম্বৰ এ এছ ২১ চি ৯২৭৫।

লগতে পঢ়কঃকলিয়াবৰৰ বামুণীত ভয়ংকৰ অগ্নিকাণ্ড

দুয়োখন বাহনৰ পৰা ৩২ গৰু উদ্বাৰ কৰে আৰক্ষীয়ে। জখলাবন্ধা আৰক্ষীয়ে অবৈধভাৱে গৰু সৰবৰাহত জড়িত চাৰিজন লোককো আটক কৰে । ধৃত লোককেইজন-জামিৰউদ্দিন, মহম্মদ আলী, ইশ্ৰাফুল আলী আৰু ৰাবুল ইছলাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply