কলিয়াবৰঃ কলিয়াবৰৰ বামুণীত সোমবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইৰ লেলিহান শিখাত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এখন কাপোৰৰ দোকানৰ লগতে বাইকৰ গেৰেজ।
কোনো দুষ্কৃতিকাৰীয়ে দোকান দুখন জ্বলাই দিয়াৰ সন্দেহ কৰিছে গৰাকীয়ে। ইফালে ঘটনা সংঘটিত হোৱাৰ পোন্ধৰ মিনিট মান আগত ধ্ৰুৱ দাস নামৰ এজন ব্যক্তিৰ খেৰৰ মেজিও জ্বলি যায়।
লগতে পঢ়কঃমঙলদৈত ৪টা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও দোকান দুখনৰ সকলো সা-সামগ্ৰী ভষ্মীভূত হয়। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়।