কলিয়াবৰঃ ‘অহা ১০ মে’ৰ পৰা ১০ জুনৰ ভিতৰত নিযুক্তি পাব উচ্চতৰ মাধ্যমিক শাখাৰ ২২ হাজাৰ শিক্ষকে। ৭৫ বছৰ পুৰণি বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দিব ৩ কোটি টকা।’- কলিয়াবৰত এই মন্তব্য প্ৰদান ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ।

ইফালে, কলিয়াবৰত দ্বিতীয়খন চৰকাৰী স্নাতক মহাবিদ্যালয় স্থাপন কৰাৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে সমষ্টিটোৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। লক্ষণীয় যে¸ ৰাজ্যৰ লগতে কলিয়াবৰৰ কেইবাখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ শিক্ষকৰ পদ খালী থকাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল বিভিন্ন সংবাদ মাধ্যমত৷

উল্লেখ্য যে¸ সদ্য প্ৰকাশিত ২০২২-২৩ বৰ্ষৰ বাজেটত নিৰ্ধাৰিত কলিয়াবৰত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন হ’ব। এই খবৰৰ পাছতেই কলিয়াবৰৰ শিক্ষাৰ্থী সকলক উৎসাহিত হোৱা পৰিলক্ষিত হৈছিল। তদুপৰি ৰূপনাৰায়ণ গোনামৰা সত্ৰস্থিত কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ নাটঘৰত ফাল্গুৎসৱ উপলক্ষে ‘কুলাচল বধ’ ভাওনা প্ৰদৰ্শন।

এই অনুষ্ঠানতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ কাৰ্য‍্যালয় আৰু সংগ্ৰহালয়ৰ দ্বাৰ মুকলি কৰি ৰাইজৰ আশীষ লয়। মন্ত্ৰিত্বৰ ব্যস্ততাৰ মাজতে ‘কুলাচল বধ’ ভাওনাত ভাও লোৱা ভাৱৰীয়াৰ সৈতে ৰসাল মত-বিনিময় কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply