কলিয়াবৰঃ ডেনমাৰ্কৰ সাহাৰ্য পুঁজিৰে টাটা গ্ৰুপৰ কলিয়াবৰ মহকুমাৰ উলুৱনিত নিৰ্মিয়মান কভিড হস্পিতাল খন বুধবাৰে নিশা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰি সামগ্ৰিক অগ্ৰগতিৰ বুজ লয় ৷
অহা ২৭ ফেব্ৰুৱাৰীত উলুৱনি কভিড হস্পিতাল খন মুকলি কৰা হ’ব ৷
উক্ত উদ্বোধনী অনুষ্ঠানত ডেনমাৰ্কৰ এমবেচি ডাঃ জেকব উইলিয়ামছ ওবেৰবাৰ্গ সহ কেইবাগৰাকী উচ্চপদস্ত বিষয়া উপস্থিত থাকিব ৷
মুঠ ৫৪খন বিচনাযুক্ত এই হস্পিতালখনে কলিয়াবৰ তথা নগাঁও জিলাবাসীক তৎকালীনভাৱে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷