কলিয়াবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্দ্ধিত এনিমেল কৰিডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ প্ৰতিবাদকাৰী ৰাইজ। এনিমেল কৰিড’ৰৰ গইনা লৈ প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা কাৰ্যৰ বিৰোধিতা কৰি হাতে হাতে প্লেকাৰ্ড লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সৰ্বসাধাৰণ জনতাই।
প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰিবলৈ দাবী জনাই সোমবাৰে ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰৰ বাগৰিত হাজাৰ হাজাৰ জনতাই সাব্যস্ত কৰে এই প্ৰতিবাদ। ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদী জনতাই।