কলিয়াবৰঃ সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্দ্ধিত এনিমেল কৰিডৰ বিৰুদ্ধে কলিয়াবৰৰ বাগৰি আৰু কুঁৱৰীটোলত ৰাজপথ উত্তাল কৰি তোলে স্থানীয় প্ৰতিবাদী জনতাই। ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰাকক্ষণত নগাঁও জিলা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, উদ্যানখনৰ এনিমেল কৰিডৰৰ গইনা লৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ দাবী তুলি এই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, আৰটিআই কৰ্মী বুলি পৰিচয় দিয়া ৰোহিত চৌধুৰী নামৰ ব্যক্তি গৰাকীয়ে উচ্চতম ন্যায়ালয়ত তৰা এটি গোচৰৰ ভিত্তিত এনিমেল কৰিডৰ সমূহত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায় পুনৰ বিবেচনাৰ বাবে উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাইজে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰি দাবী তোলে।
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত চৰকাৰী পক্ষই চলোৱা উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ কৰিবলৈও প্ৰতিবাদী ৰাইজে দাবী তোলে।