কলিয়াবৰঃ কলিয়াবৰৰ শালনা চাহ বাগিচাৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি।

চাহ শ্ৰমিকৰ সাপ্তাহিক মজুৰি আদায় নিদিয়াক কেন্দ্ৰ কৰি প্ৰতিবাদ।

কোনো জাননী নিদিয়াকৈ শ্ৰমিকৰ মজুৰি বন্ধ কৰি ৰাখিছে বাগানৰ মালিক পক্ষই।

শুকুৰবাৰে পুৱাই কেইবা শতাধিক চাহ শ্ৰমিকে সাপ্তাহিক প্রাপ্যৰ দাবী কৰি বাগিছাৰ কাৰ্য্যালয় ঘেৰাও কৰে।

আৰু পঢ়কঃকামপুৰ বজাৰত মাস্ক,চেনিটাইজাৰ বিতৰণ কৰিলে সাংসদ প্ৰদ্যুত বৰদলৈ

কোনো ধৰণৰ আলোচনা নকৰাকৈ, কোনো জাননী প্ৰেৰণ নকৰাকৈ শ্ৰমিকৰ প্রাপ্য বন্ধ কৰা কাৰ্যক ধিক্কাৰ দিছে আটছাই।

চৰকাৰে বাগিছা সমূহলৈ জাৰি কৰা এছ অ’ পি অনুসৰি ২বজালৈ সকলো কাম-কাজ বন্ধ কৰিব লাগে ।

কিন্তু বাগানৰ শ্ৰমিক সকলে ৪-৫ বজালৈ বাগানত কাম কৰি থাকিব লাগে বুলি অভিযোগ উত্থাপন কৰিছে।

অনাগত দিনত শ্ৰমিকৰ মজুৰি আদায় নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে আটছাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply