কলিয়াবৰঃ কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাণ্ড সংঘটিত হৈছে। ব্ৰয়লাৰ কোম্পানীত কৰ্মৰত এজন লোকৰ পৰা ডকাইতে খুকুৰী দেখুৱাই কাঢ়ি লৈ গ’ল পালচাৰ বাইক, নগদ ধন, এটিএম সহ ম’বাইল ফোন।
জানিব পৰা মতে, ব্ৰয়লাৰ কোম্পানীত কৰ্মৰত পল্লৱ বৰদলৈ নামৰ লোকজনে শুকুৰবাৰে নিশা প্ৰায় ১০বাজি ২০ মিনিট মানত ৰাষ্ট্ৰীয় ঘাইপথৰে নিজৰ পালচাৰ বাইকেৰে কৰ্মস্থলীৰ পৰা বাসগৃহলৈ আহি আছিল।
কলিয়াবৰৰ বৰালিগাওঁ পোৱা মাত্ৰকে পিছফালৰ পৰা অহা ৩খনকৈ বাইকেৰে ৯জনীয়া এটা দুৰ্বৃত্তৰ দলে পল্লৱ বৰদলৈক আগুচি ধৰি চোকা অস্ত্ৰ দেখুৱাই বাইকৰ চাবি কাঢ়ি লুটি নিলে নগদ ধন, এটিএম কাৰ্ড,ম’বাইল ফোন লগতে পালচাৰ বাইকখন।
পালচাৰ বাইকখনৰ নম্বৰ হৈছে এছ ০৫ কে ৮৯৭৮।
লগতে পঢ়কঃউচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা
দুৰ্ভগীয়া লোকজনে নিশাই মিছা থানাত উক্ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান লৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
উপায়ন্তৰ হৈ লোকজনে এই ঘটনাৰ তদন্ত কৰি ব্যৱস্থা ল’বলৈ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ অনুৰুধ কৰিছে।