কলিয়াবৰ:কলিয়াবৰ মহকুমাৰ অন্তৰ্গত পূৱথৰীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য তথা প্ৰাক্তন সহকাৰী সম্পাদক সমাজকৰ্মী শ্ৰীশ্ৰী মাধৱ আতা সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া সদানন্দ মহন্তৰ মঙলবাৰে বিয়লি প্ৰায় ৫ বজাত মাধতাৰিস্থিত শ্ৰীশ্ৰীমাধৱ আতা সত্ৰৰ নিজা বাসগৃহত ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
কলিয়াবৰৰ বিভিন্ন সামাজিক, শৈক্ষিক, ধৰ্মীয় আদি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত সমাজকৰ্মী গৰাকীয়ে অসম পুথিভঁৰাল সংঘৰ সদস্য ৰূপে কলিয়াবৰৰ গাঁও সমূহত গ্ৰাম্য পুথিভঁৰাল স্থাপনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
বিশিষ্ট সমাজকৰ্মী-অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সদানন্দ মহন্তৰ বিয়োগত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰ জিলা সত্ৰ মহাসভা, সমন্বিত যুৱতীৰ্থ:কলিয়াবৰ, পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ শাখা সাহিত্য সভা, স্বপ্নোদয় পুথিভঁৰাল, পুষ্পজ্যোতি মইনা পাৰিজাতকে প্ৰমূখ্য কৰি কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তিনি পুত্ৰ – বোৱাৰী, জী- জোৱাই, নাতি-নাতিনী ইষ্ট কুটুম্ব ইহ সংসাৰত এৰি থৈ যায়।