কলিয়াবৰঃ কলিয়াবৰৰ বংকটেশ্বৰ প্ৰাথমিক বিদ্যালয়ে হাতত লৈছে এক বিশেষ পদক্ষেপ। ঝাড়ু লৈ হাতে-কামে বজাৰ চাফাই অভিযানত নামিল বংকটেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে বিদ্যালয়খনত গঠন কৰা য়ুথ এণ্ড ইক’ ক্লাৱৰ জৰিয়তে পৰিৱেশ প্ৰদূষণমুক্তৰ বাবে চাফাই অভিযানত নামিল এই সকল ছাত্ৰ-ছাত্ৰী।

উল্লেখ্য যে, কলিয়াবৰৰ জখলাবন্ধা বজাৰত শনিবাৰে ঝাড়ু লৈ লেতেৰা আৱৰ্জনাসমূহ চাফাই কৰে বংকটেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

সজাগ-সচেতনতা বৃদ্ধিৰ বাবে জখলাবন্ধা বজাৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত সমূহক পৰিৱেশ নিকা কৰি ৰাখিবলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰী সকলে। শিক্ষাৰ্থীসকলক পৰিস্থিতি তন্ত্ৰ তথা পৰিৱেশ সন্দৰ্ভত জ্ঞান দিয়াৰ উদ্দেশ্যৰে বংকটেশ্বৰ প্ৰাথমিক বিদ্যালয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply