কলিয়াবৰ: কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি প্ৰতিবাদত দেশজুৰি চলা ট্ৰেড ইউনিয়নৰ ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম চাহ মজদুৰ সংঘই। চাহ মজদুৰ সংঘৰ অন্তৰ্গত বাগিচা সমূহতো শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৰূপায়িত হৈছে প্ৰতিবাদী কাৰ্যসূচী।

কলিয়াবৰৰ শালনা চাহ বাগিচাতো এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিক সকলে। অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ লগতে শালনা বাগিচা গোটৰ উদ্যোগত সহস্ৰাধিক শ্ৰমিকে মঙলবাৰে ধৰ্ণা কাৰ্যযসূচী ৰূপায়ণ কৰে শালনা চাহ বাগিচাৰ পৰিচালকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত। বাগিচাত শ্ৰমিক বিৰোধী নীতি বন্ধ কৰাৰ লগতে শ্ৰমিকৰ উচিত প্ৰাপ্যৰ বাবেও দাবী জনায় প্ৰতিবাদী শ্ৰমিক সমাজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply