কলিয়াবৰঃ চোৰাংকাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে শালনা বন বিভাগ। চাৰি দিনৰ ভিতৰতে তিনিখনকৈ চোৰাংকাঠ ভৰ্তি বাহন জব্দ কৰিছে শালনা বন বিভাগে।

যোৱা ৫ মাৰ্চ তাৰিখে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন বিভাগৰ এটি দলে চোৰাংকাঠ ভৰ্তি একে নম্বৰৰ দুখনকৈ ডি আই বাহন জব্দ কৰাৰ পাছত বুধবাৰে পুৱা জব্দ কৰে চোৰাংকাঠ কঢ়িয়াই অনা আন এখন বাহন।

লগতে পঢ়কঃপৌৰনিগমৰ ফলাফল, বোকাখাটত হঠাৎ উত্তপ্ত পৰিস্থিতি

এ এছ ০৯ চি ০৮৫৫ নম্বৰৰ নগাঁও অভিমুখী ট্ৰাক খনে চোৰাং কাঠ কঢ়িয়াই অনাৰ খবৰ লাভ কৰি জখলাবন্ধা খণ্ড বনবিষয়া কুলেন্দ ভূঞাৰ নেতৃত্বত অভিযান চলাই আমনিৰ পৰা গাড়ীসহ জব্দ কৰে লক্ষাধিক টকাৰ তিতাচেপা,মাকৈশালকে ধৰি মূল্যবান কাঠ।

উল্লেখ্য যে, বন বিভাগে জব্দ কৰা বাহনখনক প্ৰথমে জখলাবন্ধাত ৰখাবলৈ বন বিভাগৰ লোকে চেষ্টা চলাইছিল যদিও বাহনখনৰ চালকে কৌশলৰে জখলাবন্ধাৰ পৰা পলায়ন কৰে যদিও আমনিত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে। বাহনখনৰ চালক আৰু সহযোগীয়ে আমনি অঞ্চলত বাহন খন এৰি থৈ পলায়ন কৰে বুলি বন বিভাগৰ লোকে জানিব দিয়ে। সম্প্ৰতি বন বিভাগে চোৰাংকাঠ সহ বাহনখন শালনা বনাঞ্চলিক কাৰ্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply