"আমাক পঢ়াৰ ব্যবস্থা কৰি দিয়ক"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুগৰাকী কণমানিৰ কাতৰ আহ্বান। কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ দুই দুৰ্ভগীয়া কণমানিয়ে হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি সহায় বিচাৰিলে। মধ্য কলিয়াবৰ ছোৱালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকা দাস আৰু নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা দাসৰ পিতৃ-মাতৃৰ দহ বছৰ পূৰ্বেই মৃত্যু হৈছিল।

পিতৃ-মাতৃৰ মৃত‍্যুৰ পাছত ককাক-আইতাকে চোৱা-চিতা কৰিছিল যদিও তেওঁলোকৰো মৃত‍্যু হোৱাত সমগ্ৰ দায়িত্ব আহি পৰে বৰদেউতাকৰ পৰিয়াললৈ।কিন্তু দুই কণমানিৰ বৰদেউতাকৰো ৪ মাহ পূৰ্বে মৃত্যু হয়।

অৱশেষত দুই কণমানিৰ দায়িত্ব ল’ব লগা হয় বৰদেউতাকৰ পুত্ৰ বিনোদ দাসে।টেন্টৰ কাম কৰি কোনোমতে ঘৰখন চলাই থকা বিনোদ দাস এতিয়া বিপদত পৰিছে।

এতিয়া উপায় বিহীন হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰিছে দুই কণমানিয়ে।মুখ্যমন্ত্ৰীক “মামা” সম্বোধন কৰি দুই কণমানিয়ে কয় যে, “মামা আপুনি আমাক সহায় কৰক।আমি আকৌ স্কুললৈ যাম।বিপদৰ পৰা আমাক উদ্ধাৰ কৰক”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply