নিউজ ডেস্কঃ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ফৰ্ডৰ বাহনে মহতিয়াই নিলে এখন চাৰিচকীয়া আৰু আন এখন দুচকীয়া বাহন। জানিব পৰা মতে, মালিগাঁৱৰ কামাখ্যা গেটত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

ফৰ্ডৰ এণ্ডিভোৰ এখনে মহতিয়াই নিয়ে এল্ট’ আৰু এখন বুলেট বাইক। এই দুৰ্ঘটনাত নিহত হৈছে এজন লোক। নিহত লোকজনৰ নুনমাটিৰ প্ৰশান্ত ছাক্সেনা। প্ৰাপ্ত খবৰ অনুসৰি, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এল্ট’খনত থকা ৩ আৰোহী। আহত কেইজন ক্ৰমে- জ্যোতিৰ্ময় কুমাৰ দাস, মুনমুন তালুকদাৰ আৰু দীপাংকৰ দাস। আহত তিনিজনকে হাস্পতালত ভৰ্তি কৰা হৈছে।

ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱা ফৰ্ডৰ বাহনখনৰ নম্বৰ এএছ ০৬ এছ ০১০১। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে এল্ট’খনৰ আগৰ অংশ দেৱাল ভাঙি সোমাই যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply