নিস্তব্ধ পৰিবেশত কামাখ্যা ধাম

আজিৰে পৰা আৰম্ভ হ’লশক্তিপীঠ কামাখ্যা ধামত পবিত্ৰ অম্বুবাচী। কিন্তু ক’ভিড মহামাৰীৰ সংক্ৰমণৰ বাবে নীলাচলৰ বুকুলৈ এইবাৰো আগমণ নহয় দেশ-বিদেশৰ সাধু-সন্ন্যাসী তথা মা কামাখ্যাৰ ভক্তসকল। ক’ভিড সংক্ৰমণৰ বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত নহয় অম্বুবাচী মেলা।

কেৱল কামাখ্যা ধামৰ পুজাৰীয়ে অনুষ্টুপীয়াকৈ ৰীতি নীতিহে সম্পন্ন কৰিব। পূৰ্বৰ দৰে কামাখ্যা ধামালৈ এই সময়চোৱাত আহিব নোৱাৰিব সাধাৰন ভক্ত দৰ্শনাথী।আজি দিনৰ ২ বাজি ৬ মিনিট ৭ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যাধামৰ গেট বন্ধ কৰে। অহা ২৬ জুন শনিবাৰে পুৱতিনিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত হ’ব নিবৃ্ত্তি। প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ মাজৰ এই গোটেই সময়চোৱা অৰ্থাত ২৩, ২৪ ২৫ তাৰিখে কামাখ্যা ধামৰ মুল দুৱাৰ বন্ধ থাকিব।

নিস্তব্ধ পৰিবেশত কামাখ্যা ধাম

কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰ মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে , লগতে কোনো ভক্তকে এই সময়চোৱাত মন্দিৰলৈ নাহিবৰ বাবে আহ্বান জনাইছে । জিলা প্ৰশাসনৰ ফালৰ পৰাও এইসময়চোৱাত কোনো সাধু সন্যাসী আহি যাতে ভীৰ কৰিব নোৱাৰে তাৰ বাবে ব্যবস্থা লৈছে ।

লগতে পঢ়ক টকিঅ’ অলিম্পিকৰ পৰা বাদ পৰিল ‘ধিং এক্সপ্ৰেছ’ হিমা?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply