কমলপুৰঃ কমলপুৰ বোৰ্কাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা । কামৰূপ জিলা আৰক্ষীৰ এটা দলে অভিযান চলাই কমলপুৰ-বোৰ্কা গড়কাপ্টানী পথত ১ কেজি হেৰ’ইন , ৫ কেজি অপিয়ম , প্ৰায় ২হেজাৰ নিচাযুক্ত টেবলেটকে ধৰি বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় ।
এ এছ ০১ পি চি ১৬২৩ নম্বৰৰ এখন টাটা ডি আই ভেনৰ পৰা অতি কৌশলেৰে ড্ৰাগছ খিনি সৰবৰাহৰ চেষ্টা কৰোতেই আৰক্ষীৰ জালত পৰে । বাহনখনত টেলিকম ডিউটি বুলি লিখা আছিল । বাহনখনৰ অতিৰিক্ত টায়াৰ আৰু মিউজিক চিষ্টেমত লুকুৱাই আনিছিল বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি। গোপন সুত্ৰৰ পম খেদি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত চলিছিল অভিযানটো।