কমাৰগাঁও: গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰৰ লগতে পাশ্বৱৰ্তী কেইবাটাও অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে আইপিএল ক্ৰিকেটৰ জুৱা খেল। বাদুলিপাৰৰ পৰাই গোলাঘাট জিলাৰ ২০টাতকৈ অধিক অঞ্চলত আইপিএল জুৱা পৰিচালিত হৈ থকা অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে যোৱা নিশা দেৰগাঁও আৰক্ষীয়ে বাদুলিপাৰ পৰা দুজন আইপিএল ক্ৰিকেটৰ জুৱাৰী এজেন্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চক্ৰৱৰ্তী আৰু ভাৰপ্ৰাপ্ত আৰক্ষীৰ উপপৰিদৰ্শক জীয়াউল ইছ্লামৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন খবৰৰ ভিত্তিত বাদুলিপাৰৰ মুন্না মোডী আৰু বুবুল গঞ্জুক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানকাৰী দলটোৱে দুয়োজন আইপিএল জুৱাৰী এজেন্টৰ পৰা নম্বৰপঞ্জীয়ন বহী, দুটা ম’বাইল, নগদ ধন, আইপিএল জুৱাৰ ৰচিদ আদি জব্দ কৰিবলৈ সক্ষম হয়। ইফালে বাদুলিপাৰত দীৰ্ঘদিন ধৰি জনৈক দুজন মূল ব্যক্তিৰ এণ্ড কোম্পানীয়ে কৌশলগতভাৱে  চলাই আহিছিল এই বৃহৎ জুৱা খেলখন। আৰক্ষীৰ ৭১/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি দুই আইপিএল এজেন্ট মুন্না আৰু বুবুলক চলোৱা মাৰাথান জেৰাত আইপিএল জুৱা চক্ৰৰ সন্দৰ্ভত বহুতো বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে। ইফালে আইপিএল জুৱা চক্ৰৰ দুই এজেন্টক বাদুলিপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা পাছতেই এতিয়া জুৱা চক্ৰটো মূল নায়ক সকলৰ নিদ্ৰা হৰণ হৈছে। আনহাতে আইপিএলক কেন্দ্ৰ কৰি গোলাঘাট জিলাখনত সৃষ্টি হোৱা গোটেই জুৱাৰ ঘাটি সমূহ  উৎখাত কৰিবলৈ গোলাঘাট জিলা আৰক্ষীয়ে চেষ্টা পূৰ্ণ গতিত অব্যাহত ৰাখিছে। 

লগতে পঢ়কঃপূৰবী ডেইৰীৰ গাখীৰৰ মূল্যত সামান্য সংশোধন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply