কমাৰগাওঁ,চন্দন বৰাঃ নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ লগে লগে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতি ,শিক্ষক গোট, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকৰ সহযোগত “দেওবৰীয়া চ’ৰা” শীষ’ক এক অনুষ্ঠান আয়োজন কৰে। প্ৰতি পষেকত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় নুমলীগড় চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগত জড়িত বিভিন্ন সমস্যা আলোচনাৰ উপৰিও ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্য গঠন কৰা অনুষ্ঠানত অভিভাৱকসকলে তেওঁলোকৰ মতামত আগবঢ়াই আৰু ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিৱেশন কৰে।

লগতে পঢ়কঃবিধ্বস্ত পথৰ বাবেই নুমলীগড়ত শোকাৱহ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

প্ৰাক্তন ছাত্ৰ দুলাল ৰবিদাসৰ “সপোন” শীষক স্বৰচিত কবিতা পাঠ সকলোকে উৎসাহিত কৰে। শতাধিক লোক উপস্হিত থকা অনুষ্ঠানটোত বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভা, উপসভাপতি দেৱব্ৰত বিশ্বাস, মনোজ তাঁতী, দেৱৰাজ ৰবিদাস, নিভা তাঁতীয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী মৌচুমী গগৈয়ে। শিশু শ্ৰমিক আৰু বাল্য বিবাহকলৈ ৰাইজৰ মাজত সজাগতাৰ লক্ষ্যৰে বিভিন্ন জনে মত পোষণো কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply