কমাৰগাঁও, চন্দন বৰাঃ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাছতো বোকাখাত বিধানসভা সমষ্টিৰ কমাৰগাঁও সমীপৰ মহুৰামুখ বংকোৱালত শাওনৰ বোকাময় পথাৰলৈ পৰ্যৱেশিত হোৱা এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক।    শনিবাৰে পুৱা জৰাজীৰ্ণ পথটোৰে এজন ৰোগীক ঠেলাত উঠাই চিকিৎসাৰ বাবে নিয়াৰ দৃশ্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা চলিছে। এই দৃশ্যই বোকাখাত সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখনকে উদঙাই দিছে।

লগতে পঢ়কঃহোজাইত নাও দুর্ঘটনাত সন্ধানহীন দুটি শিশু

উল্লেখ্য যে, কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি মহুৰামুখৰ বংকোৱালত বালিচাপৰি আৰু বৰালিমৰা সংযোগী পথৰ দুৰৱস্থাৰ বাবে এখন ঠেলাত ৰোগী নিবলগীয়া হোৱাত বোকাখাত সমষ্টিৰ উন্নয়ন ফোপোলা স্বৰূপ উদঙাই দিছে। আনহাতে স্থানীয় ৰাইজে পথটো মেৰামতিৰ কৰিবৰ বাবে আবেদন-নিবেদন কৰাৰ পাছতো কেবিনেট মন্ত্ৰী অতুল বৰাই গুৰুত্ব প্ৰদান নকৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। জৰাজীৰ্ণ পথটোৰে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী প্ৰসূতি যাব নোৱাৰত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply