কমাৰগাঁও, চন্দন বৰা ঃ গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰত দেশৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানৰ পৰা বাৰাউনীলৈ যোৱা খাৰুৱা তেল পৰিৱাহী পাইপ ফুটাই সংগোপনে দুটাকৈ ভালভ স্থাপন কৰি দীৰ্ঘদিন ধৰি তেল চুৰি চক্ৰই  খাৰুৱা তেল চুৰি কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। জিলাখনৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ উজনি বহুপথাৰ গাঁৱৰ মাজেৰে যোৱা পাইপ লাইনত বিভাগীয় দায়িত্বত থকা অইলৰ কৰ্মচাৰীয়ে পাইপ লাইনৰ নিয়মীয়া নিৰক্ষণত উক্ত স্থানত তেলৰ চেকুৰা আৰু গোন্ধ পাই চোৱা চিতা কৰি তেল চুৰি হোৱাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত তাৎক্ষণিকভাৱে দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিত গগৈৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ উক্ত স্থানত দুডাল লোৰ পাইপ সমান্তৰালভাৱে ওপৰমুৱাকৈ মুখবন্ধ অৱস্থাত তলফালৰ পৰা ওলাই থকা অৱস্থাত বিভাগীয় কৰ্মচাৰী আৰু আৰক্ষীয়ে প্ৰত্যক্ষ কৰাৰ লগতে নাতিদূৰত খাৰুৱা তেলৰ চেকুৰা প্ৰত্যক্ষ কৰে । মাটিৰ পৰা প্ৰায় ছফুট তলত থকা তেল পৰিবাহী পাইপডালত অতি নিখুঁতভাৱে তেল উলিয়াবৰ বাবে সমান্তৰালভাৱে প্ৰায় চাৰিফুট দীঘল দুডাল সৰু সৰু লোৰ পাইপ ভালভসহ সংযোগ কৰা প্ৰত্যক্ষ কৰি অনুমান কৰিব পাৰি যে খাৰুৱা তেল চুৰি কৰা দুষ্ট চক্ৰটো অতিকৈ পাকৈত আৰু এটা বৃহৎ চক্ৰ জড়িত আছে। কাৰণ প্ৰায় দুটা বছৰ আগতে উক্ত স্থানতে তিনিডাল লোৰ পাইপ স্থাপন কৰি চক্ৰটোৱে তেল চুৰি কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভটো উক্ত পাইপ লাইন নিৰীক্ষণত থকা লোকজনে বিভাগীয় কৰ্তৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল।

তাৎপৰ্যপূৰ্ণ বিষয় যে বাদুলিপাৰ পাম্পিং ষ্টেচনৰ পৰা কিছু নিলগতে যোৱা কেইমাহ মানৰ আগতে উক্ত পাইপ লাইনটো ফুটাই খাৰুৱা তেল চুৰি কৰিছিল দুষ্ট চক্ৰই। আনহাতে বাদুলিপাৰৰ উজনি বহুপথাৰ অঞ্চলটোত নিৰ্জন ঠাইত দুবাৰকৈ পাইপ ফুটাই খাৰুৱা তেল চুৰি ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কাৰণ উক্ত পাইপ লাইনটোৰ কাষৰে যোৱা এক মাত্ৰ পকী পথটোত নিশা হ’লে তেল পৰিবাহী টেঙ্কাৰৰ শব্দ শুনিবলৈ পাই স্থানীয় ৰাইজে । ইফালে দুলিয়াজানৰ পৰা অহা বাৰাউনীলৈ যোৱা ক্ৰুড অইল পৰিৱাহী পাইপ ফুটাই খাৰুৱা তেল চুৰি হোৱাৰ সময়ত যদি অকস্মাত অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হ’লে নিশ্চিত ভাবে ভয়ঙ্কৰ অগ্নিকাণ্ড সূত্ৰপাত হ’লহেতেন বুলি সচেতন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইতিমধ্যেই দেৰগাঁও আৰক্ষীয়ে  সমগ্ৰ তেল চুৰি  ঘটনাটো তদন্ত অব্যাহত ৰাখিছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply