কমাৰগাঁও,চন্দন বৰাঃ বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত দিচৈ আৰু দুসুঁতী মুখ পঞ্চায়তৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া গাওঁ সমূহৰ বাট-পথ দলং সমূহৰ অৱস্থা অতি শোচনীয় ৷ চৰকাৰৰ উদাসীনতাই এই বৃহৎ অঞ্চলটোৰ ৰাইজক জুলুকা-জুলুকে পানী খুৱাইছে ৷ এই অঞ্চলটোৰ অতি ব্যস্ততা পূৰ্ণ পথ হৈছে চেলেক গাঁও আলামী সংযোগী পথ ৷

লগতে পঢ়কঃখুমটাইত বিধ্বস্ত পথ মেৰামতি দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

সমগ্ৰ অঞ্চলটোৰ একমাত্ৰ অৰ্থনৈতিক বুনিয়াদৰ কেন্দ্ৰ পাঠৰী বৃহস্পতিবৰীয়া বজাৰ সংযোগী উক্ত পথটোত প্ৰায় দহ বছৰৰ আগতে পকী কালভাৰ্ট স্থাপন কৰিছিল যদিও দুটা বছৰৰ পিছতে ভাঙি পৰাত উক্ত কালভাৰ্টটো পুনৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে। ফলত এই ভগা কালভাৰ্টটোৰ উপৰতে এখন বাঁহৰ দলং সাজি পাৰ হৈ আছে ৰাইজ ৷ খৰালিৰ দিনবোৰত পথচাৰীয়ে দলংখনৰ তলেদি অহা যোৱা কৰে যদিও বাৰিষাৰ সময়ত জৰাজীৰ্ণ দলংখনেৰে অহাযোৱা কৰিব লাগে। মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ২৯ নং গেলাবিল সমষ্টিৰ অন্তৰ্গত উক্ত দলংখন পৰিষদে কোনো ব্যৱস্থা নকৰা বিষয়টোৱে ৰাইজক চিন্তিত কৰি তুলিছে ৷ এখন পকী দলঙৰ আশাত বাট চাইছে অঞ্চলবাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply