কমাৰগাঁও,চন্দন বৰাঃ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ বানুৱাৰীপুৰত এজন যুৱকক এটা সাধাৰণ ঘটনাৰ বাবে মৰেল পুলিচগিৰি কৰি হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বাদুলিপাৰ বানোৱাৰীপুৰ চাহ বাগিচাৰ মতিলাল মাঝিৰ পুত্ৰ জীতেনে মাঝিয়ে(২৭) দেওবাৰে একে অঞ্চলৰে সুনীল ভূঞাৰ ঘৰৰ ভিতৰলৈ খিৰিকীৰে জুমি চোৱাত এগৰাকী কণমানিয়ে দেখা পাই চিঞৰ বাখৰ কৰাত সুনীলে জিতেন মাঝিক এনেদৰে ভুমুকি মাৰি চোৱা কাৰণে জিতেন মাঝিৰ নেতৃত্বত কেইবাজনো লোকে জীতেনক বেয়াকৈ মাৰধৰ কৰে। মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত হৈ পথৰ ওপৰতে মূমূৰ্ষ অৱস্থাত পৰি থকা জিতেনক আত্মীয়ই দেখা পায় ঘৰলৈ আনি তেওঁৰ পত্নীক চমজাই দিয়ে।

নিশা ঘৰত কোনো লোক নথকাৰ বাবে জীতেনক পত্নীয়ে চিকিৎসালয়লৈ নিব নোৱাৰাত নিশাটো যন্ত্ৰণাত ছটফটাই নিশা কটায়। পিছদিনা অৰ্থাৎ সোমবাৰে আত্মীয়ৰ সহযোগত জীতেনৰ পত্নীয়ে স্বামীক প্ৰাথমিক চিকিৎসাৰ বাবে বাদুলিপাৰ চাহ বাগিছাৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে জিতেনৰ স্বাস্থ্য পৰীক্ষা কৰি উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায়। আৰ্থিক দুৰবস্থাৰ বাবেই চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি পত্নীয়ে স্বামীক গোলাঘাটলৈ নিব নোৱাৰিলে। যাৰ ফলত সোমবাৰে নিশা জীতেন মাঝি শুই থকা অৱস্থাতে অকাল মৃত্যুক সাৱটি লয়। ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে গাঁওবুঢ়া,গাঁওৰক্ষী বাহিনী আৰু দেৰগাওঁ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জীতেনৰ পত্নীৰ এজাহাৰ ভিত্তিত দেৰগাওঁ আৰক্ষীয়ে ১১৩/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি পাঁচজনকে মঙলবাৰে নিশা আটক কৰে। আৰক্ষীৰ জেৰাত ইতিমধ্যে পাঁচজন অভিযুক্তই জীতেন মাঝিক মাৰধৰ কৰাৰ কথা স্বীকাৰ কৰিছে। আনহাতে বুধবাৰে দেৰগাঁও আৰক্ষীৰ তদন্তকাৰী বিষয়াই হত্যাকাণ্ড লগত জড়িত সুনীল ভুঞা(৩৭), সুৰেশ ঘাটোৱাৰ,(২৮) সঞ্জীৱ ভুঞা(২৭) আৰু অনিল ভুঞা,(৩৩) ৰমেশ ভূঞা(৬০) গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply