কমাৰগাঁওঃ যি সময়ত ৰাজ্য চৰকাৰে যানবাহনৰ দুৰ্ঘটনা ৰোধৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিছে। তেনে সময়তে গোলাঘাট জিলাৰ বাদুলিপাৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই কেইবাটাও স্থানত খান্দিছে কেইবাটাও মৰণফাণ্ড সদৃশ দ দ গাঁত। যাৰফলত সচেতন ৰাইজৰ চকু কপালত উঠিছে । উল্লেখ্য যে, জিলাখনৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বনগাঁও , বাদুলিপাৰ, ৰঙামাটি আদি অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে চাহ বাগিছাৰ সমতল ভূমিত প্ৰায় ৮ ফুট দ, প্ৰায় ২৫ ফুট বহল, প্ৰায় ৫০০ ফুট দীঘলকৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষে কাষে কেইবাটাও স্থানত দ খাৱৈ খান্দি তাৰ মাটি ঘাইপথ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাত সচেতন ৰাইজৰ চকু কপালত উঠিছে।

ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে গৰা সদৃশ কৈ খন্দা দ খাৱৈত পৰি কেইবাখনো যানবাহন ইতিমধ্যেই দুৰ্ঘটনা পতিত হোৱাৰ লগতে বহুজন গুৰুত্বভাৱে আহত হৈ চিকিৎসাধীন হব লগা হৈছে। কিন্তু এই সমূহ দেখি শুনিও কোনো গুৰুত্ব প্ৰদান কৰা নাই হিন্দুস্তান কনষ্ট্ৰাকছন অৱ কোম্পানী নামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৱে। ইফালে স্থানীয় সচেতন ৰাইজ,  বিভিন্ন দল সংগঠনে উক্ত বিষয়টো খুমটাই ৰাজহ চক্ৰৰ কাৰ্যালয়ত অৱগত কৰাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতো আজি পৰ্যন্ত তিলমানো গুৰুত্ব দিয়া নাই পথ নিৰ্মাণকাৰী সংস্থাটোৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

বৰ্তমান সময়ত উক্ত দ খাৱৈত সমূহত দুই এজাক বৰষুণতে পানী জমা হোৱাৰ লগতে বাৰিষা সময়ত উক্ত খাৱৈ সমূহত পানী জমা হ’লে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নৈ সদৃশ পৰিবেশ সৃষ্টি হোৱাৰ লগতে বিগত বৰ্ষৰ শিৱসাগৰৰ দিখৌ নৈ হোৱাৰ দুৰ্ঘটনা দৰে ভয়ঙ্কৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে গোলাঘাট জিলাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰেৱ হাজৰিকা নেতৃত্বত  এটি সজাতি দলে উক্ত দ খাৱৈ সমূহ পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ এইছ চিচিৰ কাণ্ডজ্ঞানহীন কাণ্ড সমালোচনা কৰাৰ লগতে শীঘ্ৰেই উক্ত গাত সমূহ পুতি অথবা পথটোত বিপদ সংকেত চিহ্ন আৰি দিবলৈ আহ্বান জনোৱাৰ উপৰিও গোলাঘাট জিলা প্ৰশাসনক উক্ত সংস্থাটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইফালে সংস্থাটোৰ সম্পাদক গৰাকীয়ে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নৈ সদৃশ কৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা এচিয়া মহাদেশৰ ভিতৰত অসমৰ বাদুলিপাৰতেই প্ৰথম হ’ব বুলি উল্লেখ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়। অন্যথা ৰাইজৰ লগতে বিভিন্ন সংগঠন একত্ৰিত হৈ পথ নিৰ্মাণকাৰী সংস্থা আৰু এনএইছআইডিচিএলৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰেৱ হাজৰিকাই। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply