কমাৰগাঁও,চন্দন বৰাঃ গোলাঘাট জিলাৰ খুমটাই চুঙ্গীহোলা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাইজৰ উৎসৱ-২০২২।  ছাত্ৰ-ছাত্ৰী সকলক বিদ্যায়তনিক দিশৰ উপৰিও সাহিত্য, সংস্কৃতি, আধ্যাত্মিক, ক্ৰিয়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ মানসেৰে বৰাহী চংকলা প্ৰাথমিক বিদ্যালয়, মেঘনা কুৰ্মী প্ৰাথমিক বিদ্যালয়, চুঙীহোলা প্ৰাথমিক বিদ্যালয়, ৰামিদ পথাৰ প্ৰাথমিক বিদ্যালয় আৰু বৰাহী চংকলা মধ্য ইংৰাজী বিদ্যালয় সহযোগত এই উৎসৱ উদযাপন কৰা হয়। ইফালে এই উৎসৱৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী মেলা অনুষ্ঠিত হয়।

সমাজকৰ্মী ৰাজেন ফুকনে উদ্ধোধন কৰা প্ৰদৰ্শনী অনুষ্ঠানত অসমৰ চহা জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা মূল্যবান সম্পদ, জাতি-জনগোষ্ঠীৰ সাজপোছাক, গহণা আদিৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি প্ৰদৰ্শন কৰে। আনহাতে প্ৰাক্তন শিক্ষয়িত্ৰী লাৱণ্য গগৈয়ে উদ্ধোধন কৰা সাংস্কৃতিক কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলেও বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে দিহানাম, বিয়ানাম ,বিহুনাম, জেং বিহু, বিহু হুঁচৰি, একক অভিনয়, ঢোলবাদন, পেপাবাদন, গীত আদি প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।

লগতে পঢ়কঃওদালগুৰিত জিলা চাওতাল ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

এই অনুষ্ঠানতে সাংবাদিক, শিল্পী, শিক্ষক ,সমাজকৰ্মীক বিশেষভাৱে উদযাপন সমিতিয়ে সম্বৰ্ধনা জনায়। আজি দিনৰ ২-৩০ বজাত অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া ঠগিৰাম গগৈৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণ আৰু মুকলি সভাত বিজয়ী প্ৰতিযোগী সকলক কিতাপৰ টোপোলা, মানপত্ৰ আৰু শিক্ষণ সামগ্ৰীৰে বঁটা প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাক্তন অধ্যাপক হৰকান্ত গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰমোদ বৰুৱা, প্ৰাক্তন শিক্ষয়ত্ৰী লাৱণ্য গগৈ, সমাজকৰ্মী বিপিন গগৈ আদি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উদ্দেশ্য শৈক্ষিক ,সামাজিক আৰু বৌদ্ধিক দিশত তত্ত্ব গধুৰ বক্তব্য প্ৰদান কৰে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply