কমতা পূব ৰাজ্য গঠন আৰু জনজাতি কৰণ কৰাৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদী সকলে আক্রাছু লং লিভ, BJP চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী গো বেক, মুখ্যমন্ত্ৰী মিছলিয়া। no justice no race, WE want St, We want kamatapur, আদি শ্লোগানেৰে উত্তাল কৰি তোলে।
বিজেপি চৰকাৰে ২০১৬ চনত কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰাৰ পিছতো চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি ছাত্ৰ সন্থাই অভিযোগ কৰে।
কেৱল কোঁচ ৰাজবংশী স্বায়ত্য পৰিষদৰ টোপ দি কোচ ৰাজবংশী সকলক প্ৰতাৰণা কৰি আহিছে বুলি মন্তব্য কৰে।
নৱ গঠিত কমতাপুৰ স্বায়ত্ব পৰিষদৰ কাম কাজ সমূহ তৰাম্বিত কৰি আৰু ২০ টা বিভাগ নতুনকৈ অন্তৰ্ভুক্ত কৰি বাজেটত ৩০০ কোটি টকা ধার্য কৰিবলৈ দাবী জনায় অন্যথা কোচ ৰাজবংশী ছাত্র সন্থাই বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।