কামপুৰঃ অৱশেষত হত্যাকাণ্ড সংঘটিত কৰি পলাইন কৰি থকা পদ্ম মেধি আৰু প্ৰথমা পত্নীক ৰজাগাঁৱৰ কলনীৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গোচৰ নং 17/2022 U/S 366/328/307/34 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত কচুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দম্পতীক।
শুকুৰবাৰে নগাঁও কচুৱাৰ গৰঙাআটিত স্বামীৰ আতিশয্যৰ বলি হৈ মৃত্যুক আকোঁৱালি লৈছিল এগৰাকী বোৱাৰীয়ে।
কচুৱা থানাৰ অন্তৰ্গত ৰজাগাওঁ কলনীৰ পদ্ম মেধি নামৰ বিবাহিত লোকজনে প্ৰলোভনেৰে পলুৱাই নিছিল গৰঙাআটিৰ পিংকী বৰুৱাক।
দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল স্বামী পদ্ম মেধি আৰু তেওঁৰ প্ৰথমা পত্নীয়ে।
লগতে পঢ়কঃখুমটাইত ২০ বছৰে অসম্পূৰ্ণ এখন পকী দলং; সৰৱ বীৰ লাচিত সেনা
পিংকীৰ শৰীৰত বেজীৰে বিষাক্ত পদাৰ্থ সুমোৱাই আৰু খাদ্যৰ লগত দৰৱ মিলাই দি অত্যাচাৰ চলোৱাৰ অভিযোগ কৰি গৈছে জীৱন্ত অৱস্থাত থাকোতে পিংকী বৰুৱাই ।
সোমবাৰে অতি সংকটজনক অৱস্থাত থকা পিংকীক মাক-দেউতাকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে।
পিংকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত কৰা অত্যাচাৰৰ সন্দৰ্ভত ভিডিঅ’যোগে সদৰি কৰি গৈছে সমগ্ৰ ঘটনা। পিংকীৰ ন্যায় বিচাৰি কাতৰ অনুৰোধ জনাইছিল পিতৃয়ে।