কামপুৰঃ নগাওঁ জিলাৰ ৰাঙলুক জব্দ বৃহৎ পৰিমানৰ নিচাযুক্ত দ্ৰব্য।
লগতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্য়ৱসায়ৰ লগত জড়িত দুজনক।
আটকাধীন যুৱক দুজন ক্ৰমে ইডুল হক আৰু মহিবুল্লাহ।
তেওঁলোকৰ হাতৰ পৰা ১৬ চিচি নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ) জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ত জড়িত আন দুজন মইনা আৰু আইজুল হক সম্প্ৰতি পলাতক। আৰক্ষীয়ে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।
ৰাঙলু আৰক্ষী চকীৰ অৰ্ন্তগত ৰাঙলু বজাৰ অঞ্চলৰ পৰা গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ড্ৰাগছ ব্য়ৱসায়ী দুজনজনক আটক কৰিবলৈ সক্ষম হয়।