YouTube video

কামপুৰঃ চুলাই মদৰ ঘাটিসমূহৰ বাবেই গ্ৰামাঞ্চলত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ। মন্ত্ৰী পিয়ুষ হাজৰিকাৰ এই ভয়ংকৰ তথ্য প্ৰদানৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি চলিছে অভিযান।কামপুৰৰ ভিন্ন প্ৰান্তত চুলাই মদৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান ।

কামপুৰ ৰাজহ চক্ৰ বিষয়া, আবকাৰী বিভাগ আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই উৎখাত কৰে বহুকেইটা চুলাই মদৰ ঘাটি।লগতে আৰক্ষীয়ে নষ্ট কৰে বহু হাজাৰ লিটাৰ চুলাই মদ।

আৰু পঢ়কঃকোভিড পৰিস্থিতিৰ সন্দৰ্ভত উত্তৰ–পূবৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

কামপুৰ চক্ৰবিষয়া গৰাকীয়ে জনসাধাৰণলৈ আহ্বান জনায় যে, মহামাৰী কৰনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই ঘাটি সমূহৰ পৰা সংক্ৰমণ যাতে হ’ব নোৱাৰে তাৰ বাবে সকলোৱে প্ৰশাসনৰ লগত সহযোগিতা কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰশাসন অধিক কঠোৰ হ’ব বুলি চক্ৰ বিষয়া গৰাকীয়ে সাংবাদিকক জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply