কামপুৰ: নগাঁও জিলাৰ কঠীয়াতলী ওপৰবৰ লালুং গাঁৱৰ ৰাজহুৱা মঞ্চত গাই গৰু পালন আৰু দুগ্ধ উৎপাদনৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাখনত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে সভাপতিত্ব কৰে।
গো পালক আৰু দুগ্ধ উৎপাদক সকলক সংবদ্ধ কৰি প্ৰশিক্ষণ আৰু গৰুৰ সম্পৰ্কে কথা সমূহ বিতং ভাবে বুজাই দিয়াৰ লক্ষ্যৰে এই সজাগতা সভা অনুষ্ঠিত হয়। অসমৰ দুগ্ধ উৎপাদক আৰু থলুৱা গো পালক সকলক কি দৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি কৰি স্বাৱলম্বীতাৰ দিশত নিজকে আগবঢ়াই নিব পাৰে তাৰ ওপৰত বিতং ভাবে আলোচনা কৰা হয়।
শতাধিক লোকে অংশ গ্ৰহণ কৰা সজাগতা সভাখনত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, অসম দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা, অসম পশুধন উন্নয়ন বিভাগৰ ড০ মতিউৰ ৰহমান, বেংক অফ বৰোদাৰ ৰাজ্যিক প্ৰৱন্ধক আইনিং ডিইংদহৰ লগতে বিভাগীয় বহু উচ্চপদস্থ বিষয়া। তিৱা স্বায়ত্ব পৰিষদৰ এনে প্ৰশংশনীয় পদক্ষেপক আদৰনি জনাইছে কঠীয়াতলী বাসী ৰাইজে।