কামপুৰঃ কামপুৰত এটা গড়কাপ্তানী পথে বছৰ বছৰ ধৰি জলাকলা খুৱাইছে ৰাইজক।
কামপুৰ পৌৰসভা অন্তৰ্গত কাৰ্বি আংলং আৰু ৰহা সংযোগী পথটো এজাক বৰষুণতেই পথৰ ওপৰত জমা হয় একাঠু পৰ্যন্ত পানী । যাৰ ফলত পথৰ কাষৰ দোকানসমূহো বন্ধ ৰাখিব লগা হয়।
পথটোৰ মাজত পুখুৰীৰ দৰে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে।
পথৰ এনে দুৰৱস্থাৰ বাবেই বিভিন্ন সময়ত নানা দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ।
আৰু পঢ়কঃঅৰুণাচল প্ৰদেশৰ চাংলাং জিলাত দুধৰ্ষ NSCN(IM)কেডাৰ আটক
ৰাইজে বহু সময়ত অভিযোগৰ দিয়াৰ পাছতো পথটোৰ মেৰামতিৰ দিশত লোক নিৰ্মাণ বিভাগ অথবা পৌৰসভাই কোনো গুৰুত্ব আৰোপ কৰা নাই।
বাৰিষাৰ পূৰ্বে পথটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ।