কামপুৰঃ ৰাজ্যত পুনৰ বাল্যবিবাহৰ ঘটনা। বিবাহৰ অনুপযুক্ত যুৱতীক ভুৱা নথি পত্ৰৰে বিবাহ কৰোৱাৰ ভয়ংকৰ অভিযোগ। উল্লেখ্য যে, সোমবাৰে নিশা কামপুৰৰ গণেশ মন্দিৰত এখন বাল্য বিবাহ সম্পন্ন হৈছিল। কামপুৰ পৌৰসভাৰ ৪নং ৱাৰ্ডৰ প্ৰসেনজিৎ বৰ্মন নামৰ যুৱক জনৰ লগত বিবাহ অনুষ্ঠিত হৈছিল কামপুৰৰে এগৰাকী কিশোৰীৰ।

কিশোৰীগৰাকীৰ বিবাহৰ উপযুক্ত বয়স নোহোৱাৰ সন্দেহ প্ৰকাশ কৰি নাৰী সন্থাৰ সম্পাদিকা ৰীনা মণি বৰা সৈতে একাংশ মহিলাই বিয়াখন বন্ধ কৰিবৰ বাবে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে আহি দৰা-কইনাক থানালৈ লৈ যায় আৰু কিশোৰীগৰাকীৰ বয়সৰ উপযুক্ত প্ৰমাণ পত্ৰ দিলে দৰা আৰু কন্যাক ঘৰলৈ লৈ যাব পাৰিব বুলি জনায়।

দৰাৰ পৰিয়ালে কচুৱাৰ পুঠিমাৰীৰ উদমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা বয়সৰ প্ৰমাণৰ বাবে ভুৱা এখন শিক্ষাগত প্ৰমাণ পত্ৰ লৈ আৰক্ষীৰ ওচৰত দাখিল কৰে। অভিযোগ মতে কিশোৰী গৰাকীৰ আধাৰকাৰ্ড আৰু জন্মৰ প্ৰমান প্ৰত্ৰ থকাৰ পিছতো অকল শিক্ষাগত অৰ্হতাৰ প্ৰমান পত্ৰৰ ওপৰত নিৰ্ভৰ কৰি দৰা -কন্যাক আৰক্ষীয়ে জিম্মাৰ পৰা মুকলি কৰি দিয়ে।

লগতে পঢ়কঃমুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা সৰ্ব ভাৰতীয় ট্ৰাইবেল ষ্টুডেন্ট এছ’চিয়েছন,অসমৰ

ঠিক সেইদৰে চাইল্ড লাইনেও বিষয়টো তদন্ত নকৰি বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ইফালে উদমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমান পত্ৰ খন ভুৱা বুলি প্ৰকাশ কৰিছে কঠিয়াতলী শিক্ষাখণ্ডৰ বিষয়া নিৰু বৰাই জানিব দিছে।

শিক্ষা বিষয়া গৰাকীয়ে তদন্ত কৰি উদমাৰী প্ৰাথমিক বিদ্যালয় তেওঁৰ শিক্ষাখণ্ডৰ এলেকাত নাই বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, টংকেশ্বৰ ভূঞা নামৰ প্ৰধান শিক্ষক জনৰ হৈ চহী কৰা শিক্ষাগত প্ৰমাণপত্ৰ খনত কোনো চন, তাৰিখ উল্লেখ নাই। নাই কোনো কাউণ্টাৰ চহী। শিক্ষা বিষয়া গৰাকীয়ে শিক্ষাগত প্ৰমানখন ভুৱা বুলিও ছাইল্ড লাইনক জনাই।

প্ৰমাণ পত্ৰখন ভুৱা বুলি জনাৰ পাছতো চাইল্ড লাইন আৰু আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply