YouTube video

কামপুৰঃ নগাওঁ জিলাৰ কামপুৰৰ এটি দেৱশিশুৰ কৰুণ কাহিনী। কামপুৰ বেঙেনাআটি গাঁৱৰ উদিষ্মান বৰা নামৰ আঠ মহীয়া দেৱ শিশুটি জন্মৰ পাছৰ পৰাই আক্ৰান্ত হৈছে জটিল ৰোগত।

উদিষ্মানৰ অচিন ৰোগ দেখি মাতৃ ৰেখামনি বৰা চিকিৎসকৰ কাষ চাপিছিল যদিও কোনো সুফল পোৱা নাই।

উদিষ্মানক সুস্থ কৰি তুলিবলৈ বৰ্তমান সময়ত প্ৰয়োজন যথেষ্ট অৰ্থৰ ।

স্বামী গৃহৰ অত্যাচাৰ সহিব নোৱাৰি বৰ্তমান পিতৃগৃহত আশ্ৰয় গ্ৰহণ কৰি থকা ৰেখামনি বৰাৰ পিতৃ মাতৃয়ে আৰ্থিক দুৰৱস্থাৰ বাবে উদিষ্মানক উন্নত চিকিৎসা কৰাব পৰা নাই ।

লগতে পঢ়কঃধেমাজিত অনলাইন শ্বপিং চাইট মুকলি

আজি আঠ মাহে পুত্ৰৰ জটিল ৰোগ দেখি ভাঙি পৰিছে মাতৃৰ লগতে অসহায় ককাক আইতাক ।

যাৰ বাবে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সহায় ভিক্ষা কৰিছে মাতৃ ৰেখামনি বৰাই ।

যদি কোনো হৃদয়ৱান লোকে শিশুটিক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 9395074028 নম্বৰত যোগাযোগ কৰিব পাৰে নাইবা শিশুটিৰ মাতৃ ৰেখামনি বৰাৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ
A/C= 34736653837;
IFSC= SBIN0011608 ত আৰ্থিক সাহাৰ্য্য আগবঢ়াব পাৰে । আপোনাৰ এধানি সহায়ে হয়তো সুস্থ কৰি তুলিব কণমানি উদিষ্মানক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply