কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী বিভিন্ন স্থানত ক’ভিডৰ ব্যাপক সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে।
যাৰ বাবে কঠিয়াতলীৰ পাঁচটা স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।
নিজ কঠিয়াতলী, কছাৰী গাঁও, নামবৰ লালুং, ৰেংবেং, শগুণবাহীক কন্টেইনমেন্ট জ’ন ঘোষণা কৰি কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে অঞ্চল সমূহত।আৰু পঢ়কঃমানকাচৰত বেচৰকাৰী স্বেচ্ছাসেৱী সন্থা”LEO CLUB”ৰ প্রশংসনীয় পদক্ষেপ
সেয়েহে ক’ভিড আক্ৰান্ত পৰিয়াললৈ জিলা প্ৰশাসনৰ হৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে কামপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ সংগীতা বৰঠাকুৰে ।
ক’ভিড নীতি নমনাৰ বাবেই কঠিয়াতলীত ব্যাপক হাৰত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে জিলা প্ৰশাসনে।