কামপুৰঃ বিবুদ্ধিত কৃষক! বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বৰো ধানৰ খেতিত মেলিছে চিৰাল ফাঁট ৷ চৰকাৰৰ আঁচনি লাভ কৰিও উপকৃত হ’ব পৰা নাই ৰাজ্যৰ বিভিন্ন ঠাইৰ কৃষক সকলৰ লগতে নগাঁৱৰ কঠিয়াতলী গৰুবন্ধা মিকিৰগাঁৱৰ কৃষকসকল ৷ পানীৰ অভাৱত পথাৰতে বৰো ধানৰ খেতিত মেলিছে চিৰাল ফাঁট ৷
বৰো ধানৰ খেতি কৰিবলৈ ৰাজ্যৰ কৃষক সকলক চৰকাৰী ভাৱে পানীৰ পাম্পৰ যোগান ধৰিছে যদিও বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কৃষক সকলে এতিয়া মূৰে কঁপালে হাত দিব লগীয়া হৈছে ৷
লগতে পঢ়কঃদেৰগাঁৱৰ নাহৰণিত ব্যক্তি সন্ধানহীন
বিদ্যুতৰ ভলটেজ নথকাৰ বাবে কৃষকে পানীৰ অভাৱত নেদেখা জনলৈ অপেক্ষা কৰিব লগা হৈছে। যাৰ ফলত খেতি পথাৰত যেনিয়ে চোৱা যায়, তেনিয়েই কেৱল চিৰাল ফাঁট ৷ শীঘ্ৰেই বিদ্যুতৰ টেঞ্চফৰ্মাৰ এটা ব্যৱস্থা কৰি পথাৰৰ পানী যোগান সূচল কৰি দিবলৈ দূৰ্ভগীয়া কৃষক সকলে চৰকাৰক দাবী জনাইছে।