কামপুৰঃ কঠিয়াতলী উন্নয়ন খণ্ডৰ লংজাপ পঞ্চায়তলৈ আৱন্তন হোৱা আঁচনিত ব্যপক অনিয়ম হোৱাৰ অভিযোগ উঠিছেউত্থাপন হৈছে। উল্লেখ্য যে পঞ্চায়তটোৰ সভানেত্ৰী ৰেখা মনি বৰাৰ স্বামী দিনেশ বৰাৰ ব্যক্তিগত এখন বিদ্যালয়ত চৰ্তুদশ বিত্তিয় আঁচনিৰ অধীনত তিনিবছৰত চাৰিটাকৈ আচনি আৱণ্টন হোৱাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত।
লুটুমাৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ নামত ২০১৬ -১৭;২০১৭-১৮; আৰু ২০১৮-১৯ বৰ্ষত লাখ লাখ টকা আৱন্তন হৈছিল পঞ্চায়তটোলৈ। জানিব পৰা মতে,২০১৬-১৭ বৰ্ষত শৌচাগাৰ নিৰ্মাণৰ নামত এক লাখ পঞ্চাছ হাজাৰ ;২০১৭-১৮ বৰ্ষৰ প্ৰথম কিস্তিত শংকৰী বিকাশ কেন্দ্ৰ বিদ্যালয়ত নিৰ্মাণৰ বাবে পাঁচ লাখ পঞ্চাছ হাজাৰ টকা;২০১৭-১৮;বৰ্ষৰ দ্বিতীয় কিস্তিত বিদ্যালয়ৰ বেৰা নিৰ্মাণৰ বাবে তিনি লাখ ছিয়ানব্বৈ হাজাৰ সাতশ উনাপঞ্চাছ টকা;২০১৮-১৯ ৰ্বষত বিদ্যালয় খনলৈ যোৱা এটা চি চি ব্লকৰ পথ নিৰ্মাণৰ বাবে তিনিলাখ টকা অনুমোদন হয়।
লগতে পঢ়কঃমাটিৰ দালালৰ পৰা ধন বিচাৰি লাট মণ্ডল গ্ৰেপ্তাৰ
তাৎপয্য পূৰ্ণ ভাৱে প্ৰায় পঞ্চাছ মিটাৰ পথ নিৰ্মাণৰ কাম আজিকোপতি আৰম্ভ হোৱা নাই। তাৰোপৰি বিদ্যালয়খনত পঞ্চায়তটোৰ সভানেত্ৰী গৰাকীৰ স্বামী দিনেশ বৰা বি জে পি দলৰ এজন স্থানীয় নেতা হোৱাৰ কাৰণেই চৰকাৰী চৰ্লাৰ লাইট ;সাংসদ পুজি ;বিধায়ক পুজি আদি আঁচনি বিদ্যালয়খনত অন্তৰ্ভুক্ত কৰা বুলি জনা গৈছে।
এনেদৰেই পঞ্চায়তটোত বিভিন্ন আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে।যাৰ এক উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে।