কামপুৰঃ কামপুৰৰ বিভিন্ন ঠাইত দীৰ্ঘদিন ধৰি চলি আছে বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এজন লোকৰ। নিহত লোকজনৰ নাম পুতুল বাউৰী। বাৰীত কাম কৰি থকা অৱস্থাতে বন্যহস্তীয়ে আক্ৰমণ কৰে লোকজনক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কচুৱা আৰক্ষী। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ইফালে হাতী খেদাত ব্যৰ্থ হৈছে বনবিভাগৰ লোক।

লগতে পঢ়কঃযোৰহাটত এজন গৰু চোৰ উঠিল ঘৰৰ চালত

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে অ়ঞ্চলটোৰ ৰাইজৰ বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে খেতি-বাতিৰো অনিষ্ট সাধন কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply