কামপুৰঃ নগাঁও কচুৱাৰ গৰঙাআটিত স্বামীৰ আতিশয্যৰ বলি হৈ মৃত্যুক আকোঁৱালি ল’লে এগৰাকী বোৱাৰীয়ে।

কচুৱা থানাৰ অন্তৰ্গত ৰজাগাওঁ কলনীৰ পদ্ম মেধি নামৰ বিবাহিত লোকজনে প্ৰলোভনেৰে পলুৱাই নিছিল গৰঙাআটিৰ পিংকী বৰুৱাক।

দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল স্বামী পদ্ম মেধি আৰু তেওঁৰ প্ৰথমা পত্নীয়ে।
লগতে পঢ়কঃবোকাখাতৰ দয়াৰামলৈ দয়া উপজিবনে চৰকাৰ অথবা প্ৰশাসনৰ

পিংকীৰ শৰীৰত বেজিৰে বিষাক্ত পদাৰ্থ সোমোৱাই দিয়াৰ লগতে খাদ্যৰ লগত দৰৱ মিলাই দি অত্যাচাৰ চলোৱাৰ অভিযোগ।

সোমবাৰে অতি সংকটজনক অৱস্থাত গুৱাহাটীত পিংকীক মাক-দেউতাকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আজি চিকিৎসালয়ত মৃত্যু ঘটে।

পিংকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত কৰা অত্যাচাৰৰ সন্দৰ্ভত ভিডিঅ’যোগে সদৰি কৰি গৈছে সমগ্ৰ ঘটনা । পিংকীৰ ন্যায় বিচাৰি কাতৰ অনুৰোধ পিতৃৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply