কামপুৰ: ৰাজ্যত উন্নয়নৰ নমুনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনে স্পৰ্শ নকৰা এখন গাঁও।বিদ্যুতৰ খুঁটা আছে, তাঁৰ আছে, ট্ৰেন্সফৰ্মাৰ আছে কিন্তু নাই বিদ্যুতৰ পোহৰ। ১০ বছৰে টিপ চাকিৰ পোহৰত দুৰ্বিসহ জীৱন কটাইছে গাঁওবাসীয়ে। ডিজিটেল ইণ্ডিয়াৰ উন্নয়নৰ নমুনাৰ এক কাহিনী।

নগাঁও জিলাৰ কঠিয়াতলী বৰকন্দলী গাঁৱত আছে বিদ্যুতৰ খুৃটাঁ, তাঁৰ, আছে ট্ৰেন্সফৰ্মাৰ। ফুলদানিৰ দৰে ওলমি আছে সকলো। কিন্তু নাই বিদ্যুতৰ পোহৰ। গাঁও খনত বিদ্যুতৰ পোহৰ নপৰা কাৰণ শুনিলে আপোনাৰো চকু কপালত উঠিব।

গাঁও বাসীৰ অভিযোগ কঠিয়াতলী বিদ্যুৎ বিভাগৰ ইঞ্জিনিয়াৰে প্ৰতিটো পৰিয়ালৰ পৰা বিচাৰিছে ৮ ৰ পৰা ১০ হাজাৰ টকা। কিন্তু গাঁও খনৰ দৰিদ্ৰ পৰিয়াল সমূহে টকা দিব নোৱাৰাৰ বাবেই বিগত ১০ বছৰ ধৰি সকলো থকাৰ পাছতো টিপচাকিৰ পোহৰত জীৱন অতিবাহিত কৰিব লগা হৈছে।

চৰকাৰৰ আঁচনিয়ে স্পৰ্শ নকৰা কঠিয়াতলী বৰকন্দলী গাঁৱত বিদ্যুৎ ৰ পোহৰৰ ব্যৱস্থা কোনে কৰিব নে শ টিপ চাকিৰ পোহৰতেই জীৱন কটাব গাঁওবাসীয়ে। চৰকাৰৰ কোনো আঁচনিয়ে স্পৰ্শ নকৰা কঠিয়াতলী বৰকন্দলী গাঁৱত পোহৰ দিয়াৰ ব্যৱস্থা কেতিয়া কৰিব । নে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত টিপ চাকিৰ পোহৰতেই দুৰ্বিসহ জীৱন কটাব গাঁওবাসীয়ে।

লগতে পঢ়ক-বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply