কামপুৰঃ প্ৰায় তিনিমাহে অন্ধকাৰৰ গ্ৰাসত এটা অঞ্চল। মাধৱপাৰা পঞ্চায়তৰ অন্তৰ্গত পমিলা জাৰণিত তিনিমাহৰ পৰাই বিকল হৈ আছে বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ।
কঠিয়াতলী বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ পমিলা জাৰণি এক নং ৱাৰ্ডৰ ৰাইজৰ অভিযোগ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় লৈ ৰাইজে বহুবাৰ গৈ আবেদন নিবেদন কৰাৰ পিছতো সুফল নোপোৱাত ক্ষুব্ধ হৈ পৰিছে বিদ্যুতৰ গ্ৰাহক সকল।
লগতে পঢ়কঃঅসম আৰক্ষী দিৱস উপলক্ষে জামুগুৰিহাটত হাফ মাৰথান প্ৰতিযোগিতা
ৰাইজৰ অভিযোগ চলি থকা এটা ট্ৰেন্সফৰ্মাৰ কিয় কৰ্তন কৰি ৰাখিছে বিদ্যুৎ বিভাগে। চৰকাৰ তথা শক্তিমন্ত্ৰীয়ে যাতে শীঘ্ৰে অঞ্চলটোত পুনৰ এটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰি অন্ধকাৰৰ গ্ৰাসৰ পৰা অঞ্চলটো পোহৰাই তুলিবলৈ অনুৰোধ জনাইছে অঞ্চলবাসীয়ে ।