কামপুৰঃ নগাঁৱৰ কচুৱাৰ ৯নং খেৰণিত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ উদ্ভণ্ডালি। স্থানীয় এজন লোকৰ ঘৰৰ ওপৰেৰে ১১হাজাৰ ভল্টেজৰ তাঁৰৰ সংযোগ স্থাপন।
নেট লগাবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কাণসাৰ নাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ। যাৰ ফলত যোৱা নিশা বতাহ ধুমুহাৰ পাছতে বিদ্যুত পৰিবাহী তাঁৰ চিগি পৰে। তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় লোকজনৰ বাসগৃহত।
লগতে পঢ়কঃকাৰ্বি শান্তি চুক্তি বাতিলৰ দাবীত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ
পুৱা বিদ্যুৎ কৰ্মচাৰী মিন্টু বৰাক যোগাযোগ কৰাত ২৫হাজাৰ টকা দিলেহে বিদ্যুৎ পুনৰ সংযোগ কৰি দিব বুলি উল্লেখ কৰে।
আনহাতে SDOৰ নিৰ্দেশত বিদ্যুৎ কৰ্মচাৰী মিন্টু বৰাই অন্য এটা ট্ৰাঞ্চমিটাৰৰ সংযোগ বিচ্ছিন্ন কৰি থৈ যায় বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।