কামপুৰঃ বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে অন্ধকাৰত কামপুৰ নগৰ ৷ নিশা নজ্বলে পৌৰ সভাৰ হাইমাষ্ট লাইট ৷ হাইমাষ্ট লাইটৰ পোহৰত জিলিকি থকা কামপুৰ চহৰ এতিয়া অন্ধকাৰত।

কামপুৰ পৌৰসভাই চহৰখনৰ বিভিন্ন স্থানত স্থাপন কৰা হাইমাষ্ট লাইটে চহৰখন নিশা পোহৰাই ৰখাৰ প্ৰয়াস কৰিছিল যদিও শক্তি বিভাগক কেইবা লাখ টকাৰ বিল দিব বাকী থকাৰ বাবে শক্তি বিভাগে পৌৰ সভাৰ হাইমাষ্ট লাইটৰ লগতে ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ কাটি দিয়ে।

লগতে পঢ়কঃদহ বছৰ পূৰ্বে ধন মোকোলাই দিয়া হাস্পতালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল

যাৰ ফলত নিশাৰ অন্ধকাৰত ডুব গৈ থাকে কামপুৰ চহৰ । বহুদিন ধৰি নিশা অন্ধকাৰত ডুব গৈ থকা চহৰখনত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে চহৰবাসী।

চহৰৰ প্ৰতিটো গৃহ আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কৰ সংগ্ৰহ কৰিও কিয় চৰকাৰী কাৰ্যীলয়ে পৰিশোধ কৰা নাছিল বিদ্যুতৰ বিল ৷

স্থানীয় ৰাইজে শক্তি বিভাগক দিব লগা বিল পৰিশোধ কৰি পুনৰ কামপুৰ চহৰ পোহৰাই তুলিবলৈ কামপুৰ পৌৰ সভাক দাবী জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply