কামপুৰঃ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস ৷ প্ৰায় ৪০০টা মান হাতীৰ এটা বৃহৎ জাকে কামপুৰ পটিয়াপামত বহু বিঘা ধান খেতি নষ্ট কৰাৰ লগতে তেলিয়াআটি গাঁৱত ক্ষিৰু মেধী নামৰ লোকজনৰ ঘৰ ভাঙি পেলায় ৷

নিশা হঠাৎ হাতীৰ জাকটোৱে ঘৰ ভঙাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ ৷

লগতে পঢ়কঃঘৰৰ বাৰীত কাম কৰি থকা অৱস্থাৰ পৰাই সন্ধানহীন কিশোৰী

বন বিভাগক খবৰ দিছে যদিও এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই বনবিভাগৰ লোক ৷

খাদ্যৰ সন্ধানতে জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীৰ জাকটোৱে।উল্লেখ্য যে, দীৰ্ঘদিনধৰি উক্ত অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,595 other subscribers

Leave a comment

Leave a Reply Cancel reply