YouTube video

কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিৰ ১ নং কলনীত কপিলী নদীৰ ভয়ংকৰ গৰাখহনীয়া। চপৰা -চপৰে খহিছে কপিলী নদীৰ পাৰ।

দুদিন ধৰি বৰষুণ হৈ থকাৰ ফলত উফন্দি উঠিছে কপিলীৰ জলপৃষ্ঠ। যাৰ ফলত এতিয়া গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে অঞ্চলটোত।

ৰহা সমষ্টিৰ বকুলগুৰি কলনী অঞ্চলত বিগত বহু বছৰৰ পৰাই কপিলী নদীৰ গৰাখহনীয়া হৈ থকাৰ ফলত কেইবাটাও পৰিয়ালে ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হব লগা হৈছে।

আৰু পঢ়কঃকৃত্ৰিম বানৰ ফলত শাক-পাচলিকে ধৰি জলকীয়াৰ খেতি কৰা কৃষকৰ বিস্তৰ ক্ষতি

কিন্তু আজিলৈকে খহনীয়াৰ সমস্যা সমাধানৰ বাবে কোনো এজন বিধায়কে ব্যৱস্থা গ্ৰহণ নকৰিলে।যাৰ ফলত এতিয়া আতংকত দিন অতিবাহিত কৰিব লগা হৈছে খহনীয়াৰ কবলত পৰা দুৰ্ভগীয়া ৰাইজ।

উপায়ন্তৰ ৰাইজে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ লগতে জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply