কপিলীৰ গড়াখহনীয়াৰ বাবে স্থানান্তৰ কৰিব লগা হ'ল নামঘৰ

কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ বাৰেগোগাত কপিলী নদীৰ প্ৰৱল গড়াখহনীয়াৰ বাবে স্থানান্তৰ কৰিব লগা হ’ল নামঘৰ।দীৰ্ঘদিন ধৰি কপিলী নদীৰ গড়াখহনীয়াই গাঁওখনৰ বৃহৎ ক্ষতি কৰাৰ পাছত অৱশেষত গড়াখহনীয়াৰ কবলত পৰা নামঘৰটো স্থানান্তৰ কৰিব লগা হ’ল গাঁওবাসীয়ে।

শেহতীয়াকৈ অঞ্চলটোৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে । বৰ্তমান খহনীয়া ৰোধৰ বাবে কম অংশ নিৰ্মাণ কৰি থকাৰ বাবে তিনিশ মিটাৰতকৈ অধিক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কতৃপক্ষক ৰাইজে দাবী জনাইছে। উল্লেখযোগ্য যে কপিলী নদীৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে কেইবাটাও পৰিয়ালে ঘৰ-মাটি হেৰুৱাব লগা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply