কামপুৰ: নগাঁও জিলাৰ কচুৱা ৰমনিপথাৰত বৰপানী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। এই খহনীয়াত নদীত জাহযোৱাৰ উপক্ৰম হৈছে এটা সত্তৰ বছৰীয়া জামে মছজিদ । যিকোনো মুহূৰ্তত বৰপানী নদীত হেৰাই যাব বিগত সত্তৰ বছৰে ইতিহাস কঢ়িয়াই অনা এই জামে মছজিদটো।
বৰপানী নদীৰ কাষৰে যোৱা ৰমনিপথাৰ আৰু হাতিখুটি সংযোগী মুল গঢ়কাপ্তানী পথছোৱালৈও খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। পথছোৱা খহনীয়াৰ কৱলত পৰিলে পোন্ধৰ বিশখনকৈ গাৱৰ জনসাধাৰণ বানৰ কৱলত পৰাৰ লগতে যাতায়তৰ ক্ষেত্ৰত ভয়াবহ সমস্যাই দেখা দিয়াৰ উপক্ৰম হৈছে।
উল্লেখযোগ্য যে বিগত বৰ্ষত সাতটা কৈ বানপানীয়ে কচুৱা, ৰমনিপথাৰ,মাধৱপাৰা,পমিলা,হাতিখুটি, বিৰিঙাআটি,জুৰিৰপাৰ,লংজাপ আদি বৃহত্তৰ অঞ্চলৰ জনসাধাৰণ ক্ষতিগ্ৰস্থ হৈছিল, যাৰ ফলত শালি আৰু বড়ো ধানৰ খেতি সম্পূৰ্ণ ৰূপে বানত বিধস্ত হৈছিল। জলসম্পদ বিভাগৰ লগতে বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাক খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিজ্ঞান সন্মতভাবে ব্যৱস্থা লবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে।