কামপুৰঃ মহামাৰী কোভিডৰ ভয়াৱহতাৰ সময়ত এখন এম্বুলেঞ্চৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হৈছে, তেনে সময়তে নগাঁৱৰ কঠিয়াতলী চিকিৎসালয়ৰ এগৰাকী ১০৮ৰ কৰ্মচাৰীয়ে নিজৰ খেয়াল খুচিমতে এম্বুলেঞ্চ ব্যৱহাৰ কৰি এটা এপাৰ্টমেন্টৰ দ্বিতীয় মহলত আয়ুৰ্বেদিক চিকিৎসাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে।

IMC নামৰ এটা MLM কোম্পানীৰ নাম লৈ ১০৮ ৰ কৰ্মচাৰী এন এন জামানে আয়ুৰ্বেদিক চিকিৎসাৰ নামত ৰাইজক দি আহিছে ৰামঠগন ৷
আৰু পঢ়কঃগৰু চোৰৰ সন্দেহত মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক হত্যা
প্ৰতি গৰাকী ৰোগীক বডী এনালাইজাৰ মেচিনেৰে পৰীক্ষা কৰি ২/৩ শ টকাকৈ লোৱাৰ উপৰিও নিজৰ মুনাফা আদায় কৰিবলৈ ৫ ৰ পৰা ১০ হাজাৰ টকা ঔষধ দি অনৈতিকভাৱে ধন সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
আনকি ৰোগীক চিকিৎসা কৰি ব্যৱস্থা পত্ৰও লিখি দিয়াৰ অভিযোগ ১০৮ ৰ কৰ্মচাৰী এন এন জামানৰ বিৰুদ্ধে ৷
এতিয়া প্ৰশ্ন হয়, ১০৮ এম্বুলেঞ্চ নিজৰ মইমতালিৰে ব্যৱহাৰ কৰা এইগৰাকী ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে?