কামপুৰঃ বছৰৰ প্ৰথমটো বানৰ কবলত কামপুৰ-কচুৱা। নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ট৷ বৰপানী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে জুৰিপাৰৰ বাহঁৰ দলং৷ কপিলী জলবিদ্যুৎ প্ৰকল্পৰে পানী দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে বৰপানী নৈৰ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪খন গেট খুলি দিছে কৰ্তৃপক্ষই৷
লগতে পঢ়কঃবনগাঁও চলা হাইস্কুলত বিজ্ঞান সজাগতা সভা সম্পন্ন
ইয়াৰ ফলত কামপুৰৰ নৱ নিৰ্মিত দলঙলৈও ভাবুকি আহি পৰিছে৷ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪খন গেট খুলি দিয়াৰ ফলত জলমগ্ন হৈছে কেইবাখনো গাঁও আৰু কৃষিভূমি। এতিয়া অঞ্চলটোলৈ তীব্ৰ ভাবুকি আহি পৰিছে।